
গুৱাহাটী, অসমঃ সচৰাচৰ হোৱাৰ দৰেই বিহাৰৰ ভগলপুৰত ২০২৩ চনৰ ৪ জুনৰ সন্ধিয়াটোও আছিল প্ৰখৰ গ্ৰীষ্মদহনত উত্যক্ত। চুলতানগঞ্জ গংগা ঘাট আন দিনাৰ দৰে সিদিনাও কোলাহলপূৰ্ণ হৈ আছিল। নাতিদূৰৈত চলি আছিল আগুৱানি-চুলতানগঞ্জ সংযোগী দলং নিৰ্মাণৰ কাম।
সেইবছৰ প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দিতাত নমা প্ৰাৰ্থী তথা স্থানীয় সক্ৰিয় কৰ্মী অজিত কুমাৰে ঘাটৰ সমীপৱৰ্তী নিজৰ ঘৰৰ পৰা তেঁওৰ গাড়ীখন ধোৱাৰ দৃশ্য চাই আছিল। অকস্মাত ক’ৰবাৰ পৰা অহা এক বিকট, প্ৰতিধ্বনিত শব্দই সন্ধিয়াটো মুহুৰ্ততে থান-বান কৰি পেলাইছিল। “আকাশৰ পৰা বজ্ৰপাতহে যেন হৈছিল,”তেঁও কৈছিল। “মুহুৰ্ততে মই আকাশৰ ফালে চাইছিলোঁ, পিছে নাই ,ক’তো এচিকূট মেঘো আনকি নাছিল, নিৰ্মল আকাশ। হঠাৎ দেখিলো, দলংখন অলপ তললৈ নামি আহিছে। মই দৌৰ মাৰি ছাদলৈ গ’লো আৰু ক্ৰমে দলংখন ভাঙিবলৈ ধৰা দেখিলোঁ।” ভগা দলংখনে গংগাৰ বুকুত খন্দা মাৰিবলৈ ধৰা দেখি ঘাটৰ আশে-পাশে থকা মানুহবোৰ প্ৰাণৰ ভয়ত দৌৰিবলৈ ধৰিলে। কুমাৰে লগতে ক’লে, “ভূমিকম্প অহা যেনহে লাগিছিল...নৈৰ বোকা-পানী আৰু দলংখনৰ ভগা অংশ প্ৰায় পাঁচবৰ্গ কিলোমিটাৰলৈ ছিটিকি পৰিছিল। ”

নিৰ্মীয়মান দলং ধ্বংসৰ দূৰ্ঘটনাটোৱে সেই ঠাইৰ পৰা প্ৰায় ৭০০ কিলোমিটাৰ দূৰৈৰ অসমৰ ৰজধানী চহৰখনৰ ৰাজনৈতিক প্ৰেক্ষাপটতো আলোড়ন তুলিছিল। সেই আলোড়নৰ প্ৰভাৱ আছিল এনেধৰণৰ—গুৱাহাটী মহানগৰীৰ হৃদপিণ্ড সদাব্যস্ত পাণবজাৰৰ সৈতে উত্তৰ গুৱাহাটীক সংযোগ কৰাৰ বাবে নিৰ্মাণ হৈ থকা ৮.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত বুজ লোৱাৰ বাবে অসম চৰকাৰে ক্ষীপ্ৰ তদন্তৰ ব্যৱস্থা হাতত লয়।
বিহাৰৰ ঘটনাৰ প্ৰভাৱ অসমত পৰাৰ সংযোগটোনো কি? সংযোগ এই যে – একেটা কোম্পানী, এছ পি এছ কনষ্ট্ৰাকচন ইণ্ডিয়া প্ৰাইভেট লিমিটেডেই বিহাৰৰ ধবংসপ্ৰাপ্ত নিৰ্মীয়মান দলংখন আৰু অসমত নিৰ্মাণ হ’বলগীয়া দলংখনৰ নিৰ্মাণৰ দায়িত্বত আছিল।
গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ আই আই টি গুৱাহাটীৰ এটা দলে ব্ৰহ্মপুত্ৰত নিৰ্মাণ হৈ থকা দলংখনৰ কাম-কাজৰ পৰীক্ষণৰ বাবে অসম চৰকাৰলৈ আহ্বান জনায়। কোম্পানীটোলৈ বিহাৰ চৰকাৰেও আনকি জাননী জাৰি কৰে।
দুবছৰৰো অধিক সময় অতিক্ৰম হোৱাৰ পাছতো আনকি আজিও সেই পৰ্যালোচনাৰ জৰিয়তে লাভ কৰা তথ্যৰ নথি ৰাজহুৱাভাৱে লাভ কৰিব পৰা সম্ভৱ হৈ নুঠিল।
সি যি কি নহওক, ৰিপ’ৰ্টাৰ্ছ কালেক্টিভে লাভ কৰা আন এক তথ্য হৈছে একেটা বৰ্ষতে দলং নিৰ্মাণকাৰী কোম্পানীটোৱে ভাৰতীয় জনতা পাৰ্টি (বি জে পি)ক ৫ কোটি টকা বৰঙণি আগবঢ়ায়।
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ পৰা ঠিকা লাভ কৰি অহা এছ পি এছ কনষ্ট্ৰাকচন কোম্পানীয়েই একমাত্ৰ প্ৰতিষ্ঠান নহয়, তালিকাত আৰু অনেক আছে।
২০২২ৰ পৰা ২০২৪ লৈ দুটাকৈ বিত্তীয় বৰ্ষত বিজেপিয়ে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাৰ দাতাৰ পৰা ৭৭.৬৩ কোটি টকা চেক আৰু ইলেক্ট্ৰনিক ট্ৰেন্সফাৰযোগে সংগ্ৰহ কৰে।
এই সংগৃহীত পুঁজিৰ অতি কমেও ৫৪.৮৯% ধন সেই চাৰিওখন ৰাজ্যৰ কোনো এখনৰ চৰকাৰৰ ফালৰ পৰা বা কেন্দ্ৰীয় চৰকাৰ নিয়ন্ত্ৰিত সংস্থাৰ পৰা নিবিদা লাভ কৰা অথবা নিয়ন্ত্ৰণমূলক অনুমোদন লাভ কৰা কোম্পানী বা ব্যক্তিৰ পৰা আহিছিল।
অসমত বিজেপিয়ে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৫২.৩৪ % এনে বৰঙণি পুঁজি চৰকাৰী ঠিকা অথবা নিয়ন্ত্ৰণমূলক অনুমোদন লাভ কৰা কোনো কোম্পানী বা ব্যক্তিৰ পৰা লাভ কৰিছে। পূৰ্ববৰ্তী বৰ্ষত ৬৪.৪৮ % এনে ৰাজনৈতিক বৰঙণি চৰকাৰী ঠিকাদাৰসকলে প্ৰদান কৰিছিল।
বিজেপিয়ে অৰুণাচল প্ৰদেশত গাইপতি ২০হেজাৰ টকাতকৈ অধিক পৰিমাণৰ বৰঙণি সংগ্ৰহ কৰাসকলৰ ভিতৰত আধাতকৈ বেছি সংখ্যক বৰঙণিয়েই আহিছিল চৰকাৰী বা কেন্দ্ৰীয় চৰকাৰৰ ঠিকা লাভ কৰা লোকৰ পৰা।
একেটা বৰ্ষতে বিজেপিয়ে ত্ৰিপুৰাৰ পৰা আহৰণ কৰা এনে বৰঙণিৰ ৬১.৭%ই আহিছিল চৰকাৰী ঠিকাদাৰসকলৰ পৰা। তাৰ আগৰ বৰ্ষত এনে বৰঙণি পৰিমাণে ৮৪.১২ % চুইছিলগৈ।
ৰিপ’ৰ্টাছ কালেক্টিভৰ অনুসন্ধানত প্ৰকাশ পাইছে যে মণিপুৰত মাত্ৰ ৫% বৰঙণিহে চৰকাৰী চুক্তি লাভ কৰা কোম্পানীসমূহৰ পৰা আহিছে। উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহলৈকে ৰাজ্যখনৰ সশস্ত্ৰ সংঘাতৰ সূচনা হৈছিল। ফলত বিজেপিৰ মোটা অংকৰ চান্দা সংগ্ৰহৰ পৰিমাণ ২০২৩-২৪ বিত্তীয় বৰ্ষত একেৰাহে ২৯.৮ লাখলৈকে হ্ৰাস পায়। সেই বৰ্ষত দলটোলৈ কোনো চৰকাৰী ঠিকাদাৰে পুঁজি আগবঢ়োৱাৰ তথ্য আমাৰ অনুসন্ধানত পোৱা হোৱা নাছিল।

{{cta-block}}
এই সমস্ত তথ্যাদি আমি কিদৰে আহৰণ কৰিলোঁ ?
ৰাজনৈতিক দলসমূহে ২০ হেজাৰ টকাৰ ওপৰত লাভ কৰা পুঁজিৰ বিষয়ে সবিশেষ তথ্য সদৰী কৰাৰ নিয়ম আছে। ২০২২-২৩ আৰু ২০২৩-২৪ –এই বিত্তীয় বৰ্ষ দুটাৰ বাবে উত্তৰ-পূবৰ চাৰিখন ৰাজ্য ক্ৰমে – অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাৰ পৰা বিজেপিৰ চান্দা সংগ্ৰহকাৰী প্ৰতিষ্ঠান আৰু ব্যক্তিৰ তালিকা আমাৰ অনুসন্ধানত বিশ্লেষণ কৰা হৈছিল। নিৰ্বাচনী আয়োগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বিজেপিৰ দাতাসকলৰ সবিশেষ এই পৰ্যন্ত প্ৰকাশ কৰা নাই।
কেবা মাহজোৰা অনুসন্ধান প্ৰক্ৰিয়াৰ জৰিয়তে সংগ্ৰহ কৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিবিদাৰ তথ্য-পৰিসংখ্যাই আমাক এইক্ষেত্ৰত সহায় কৰিছে। পৰিসংখ্যাসমূহ বিশ্লেষণ কৰি সেই সময়ছোৱাৰ ভিতৰত বিজেপিলৈ বৰঙণি আগবঢ়োৱা ব্যক্তি তথা কোম্পানীসমূহ আৰু একে সময়তে সংশ্লিষ্ট বক্তি তথা কোম্পানীসমূহে লাভ কৰা ঠিকা—এই দু্য়োটাৰ মাজত সহজেই এক পাৰস্পৰিক সংযোগ স্থাপন কৰিব পৰা গৈছিল।
সমগ্ৰ বিষয়টোৰ মাজত সম্পৰ্ক স্থাপনৰ বাবেহে এই প্ৰক্ৰিয়াটোৰ সহায় লোৱা হৈছিল। কাৰণ নিৰ্ণয়ৰ বাবে নহয়।
বিজেপিয়ে যাবতীয় নিয়মসমূহ মানি নোলোৱাৰ ফলত আৰু ভাৰতৰ নিৰ্বাচন আয়োগক প্ৰকাশ কৰা তথ্যৰাজিৰ মাজৰ পৰা কিছু তথ্য লুকুৱাই ৰখাৰ পৰিপ্ৰেক্ষিতত আমি চাৰিখন ৰাজ্যৰ শতাধিক বিজেপি দাতাৰ পৰিচয় নিৰ্ণয় কৰাৰ ক্ষেত্ৰত অপাৰগ হ’লো। কাজেই এই বিশ্লেষণৰ পৰিসংখ্যাসমূহত কিছু সীমাবদ্ধতা ৰৈ গৈছে।
শাসনাধিষ্ঠিত চৰকাৰৰ সৈতে লগ হৈ ব্যৱসায় কৰি অহা নিগম বা ব্যক্তিয়ে ক্ষমতাত থকা ৰাজনৈতিকদলসমূহলৈ অনুদান আগবঢ়োৱাৰ কথাটো আপাতদৃষ্টিত বেআইনী নহয়। কিন্তু সম্ভাব্য স্বজনতোষী পুঁজিবাদ, দুৰ্নীতি আৰু পাৰস্পৰিক সুযোগ সুবিধাৰ আদান-প্ৰদানৰ দিশটো এই চান্দা ব্যৱস্থাই ঢাকি ৰখাৰ কথাটোৱেহে উদ্বেগ প্ৰকাশৰ সুৰুঙা সৃষ্টি কৰি আহিছে।
ভাৰতৰ উত্তৰ-পূবৰ ঠিকাদাৰী অৰ্থনীতি
বিজেপিয়ে ২০১৭ চনত নিৰ্বাচনী বণ্ড (Electoral Bonds) ব্যৱস্থাৰ প্ৰবৰ্তন কৰাৰ পাছৰে পৰা স্বজনতোষী পুঁজিবাদ উদ্বেগজনকভাৱে একপ্ৰকাৰ বৈধ হৈ পৰে আৰু ৰাজনৈতিক দলসমূহৰ গোপনীয় পুঁজি সংগ্ৰহৰ পৰিমাণ শিখৰলৈ উপনীত হয়। এই বণ্ড ব্যৱস্থাৰ জৰিয়তে কৰ্পৰেটসমূহে বেংকিং চেনেলৰ জৰিয়তে বৃহৎপৰিমাণৰ হিচাপহীন ধন গোপনে ৰাজনৈতিক দলসমূহলৈ প্ৰেৰণ কৰিবলৈ অনুমতি দিছিল। শেষ পৰ্যন্ত উচ্চতম ন্যায়ালয়ে ২০২৪ চনত বণ্ড আঁচনিখন অসাংবিধানিক বুলি মন্তব্য কৰি বাতিল কৰাত যেনিবা এই উদ্বেগ কিছু হ্ৰাস পায়।
কেবাটাও অধ্যয়নত এই কথা প্ৰতীয়মান হৈছে যে কৰ্পৰেট খণ্ড বা কোম্পানীসমূহে ৰাজনৈতিক দল অথবা ৰাজনৈতিক নেতালৈ আগবঢ়োৱা এনে উন্মুক্ত পুঁজি প্ৰকৃততে তেঁওলোকে সংগ্ৰহ বা আহৰণ কৰা বৃহৎ পৰিমাণৰ ধনৰাশিৰ তেনেই ক্ষুদ্ৰ এটা অংশমাত্ৰহে।
ভাৰতত নিৰ্বাচনী পুঁজিৰ উৎস সম্পৰ্কে গভীৰভাৱে অধ্যয়ন কৰা অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ জ্যেষ্ঠ ফেলো নিৰঞ্জন সাহুৱে কয় যে, “নিৰ্বাচনী বণ্ড অহালৈকে সেই আটাইকেইটা বছৰ ধৰি ৰাজনৈতিক দলৰ অনুদানৰ অজ্ঞাত উৎস আছিল ৬০-৭০%। নিৰ্বাচনী বণ্ড আঁচনি অনাৰ পিছত এই উৎসৰ পৰিসৰ বৃদ্ধি পাইছিল;এতিয়া এনে উৎসৰ পৰিমাণ ৬২ৰ পৰা ৬৫% শতাংশৰ ভিতৰত আছে যদিও গঢ়ে ৫০% তকৈ অধিক হাৰতেই আছে।”
নিৰ্বাচনী বণ্ডৰ উপৰি আন আন সূত্ৰৰ পৰাও বিজেপিয়ে চাৰিখন ৰাজ্যৰ পৰা আনুষ্ঠানিক আৰু হিচাপৰক্ষিতভাৱে লাভ কৰি অহা বৃহৎ অংকৰ অনুদানৰ উৎস বিশ্লেষণো আমাৰ তৰফৰ পৰা কৰা হৈছিল।
তথ্য অনুসৰি, ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰা অহা পুঁজিতকৈ এই চাৰিখন ৰাজ্যৰ পৰা অহা বৰঙণিৰ পৰিমাণৰ অংকটো অৱশ্যে তুলনামূলকভাৱে কম। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা লাভ কৰা ৰাজনৈতিক পুঁজি সম্পৰ্কে অধ্যয়নৰ পৰিপ্ৰেক্ষিতহে এই চাৰিখন ৰাজ্যৰ পৰা অহা পুঁজিৰ অংশটো তাৎপৰ্যপূৰ্ণ বুলি ভবাৰ থল আছে।
এই অঞ্চলত ব্যক্তিগত পুঁজিৰ মাত্ৰা অতি কম। ৰাজ্য চৰকাৰ আৰু অৰ্থনীতিসমূহ কেন্দ্ৰীয় চৰকাৰৰ পৰালাভ কৰা পুঁজিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল, যাৰ ফলত কেন্দ্ৰৰ শাসকীয় দলটোক ভাৰতৰ অন্যান্যৰাজ্যৰ অৰ্থনীতিতকৈ বহু বেছি প্ৰভাৱ পৰে।
আন্তঃগাঁথনি, নিষ্কাশন আৰু আঁচনিৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ চুক্তিসমূহে অঞ্চলটোৰঅৰ্থনৈতিক কাৰ্যকলাপৰ এক প্ৰধান অংশ গঠন কৰে। অঞ্চলটোৰ বাহিৰৰ ব্যৱসায়ীসকলে আঞ্চলিক ৰাজনৈতিক অভিজাত শ্ৰেণীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আন্তঃগাঁথনিৰ চুক্তিসমূহ কোণত স্থাপন কৰে।ইয়াক ভাৰতৰ উত্তৰ-পূবৰ ঠিকাদাৰ-অৰ্থনীতি বুলি ক’লে বঢ়াই কোৱা নহ’ব নিশ্চয়।
ভাৰতৰ উত্তৰ-পূবৰ ঠিকাদাৰ-অৰ্থনীতি কেনেকৈ ৰাজনৈতিক পৃষ্ঠপোষকতাত লাভৱান হৈ আহিছে সেই কথা ইতিমধ্যে আমাৰ তদন্তত ওলাই পৰিছে। কেন্দ্ৰীয় আৰু আঞ্চলিক পৰ্যায়ত ক্ষমতাত থকা প্ৰধান দল হোৱাৰবাবে বিজেপিয়ে এই অৰ্থনীতিৰ সুবিধাৰ বাবে কেনেদৰে লাভৱান হৈছে সেই কথাও স্পষ্ট হৈ পৰিছে আমাৰ অনুসন্ধানৰ জৰিয়তে।
বৈধ কিন্তু বেয়া?
১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইন অনুসৰি ৰাজনৈতিক দলসমূহে প্ৰতিটো বিত্তীয় বৰ্ষত যিকোনো ব্যক্তি বা কোম্পানীৰ পৰা লাভ কৰা ২০ হাজাৰ টকাৰ অধিক অনুদানৰ বিষয়ে ৰাজহুৱা ঘোষণা কৰিব লাগিব।ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচন পৰিচালনাৰ নিয়ম, ১৯৬১ৰ জৰিয়তে এই আদেশ বলবৎ কৰে।
ৰাজনৈতিক দলসমূহে দান দিয়া ব্যক্তি বা কোম্পানীটোৰ সবিশেষ, তেওঁলোকৰ নাম, সম্পূৰ্ণ ঠিকনা, স্থায়ী একাউণ্ট নম্বৰ, অৱদানৰ পৰিমাণ আৰু অনুদান কেনেকৈ কৰা হৈছিল তাৰ সবিশেষ প্ৰদান কৰিব লাগিব।ইচিআইয়ে বছৰি এই সমূহ বৰঙণিৰ সবিশেষ প্ৰতিবেদনৰ ৰূপত ৰাজহুৱা কৰে।
২০২২-২৩ আৰু ২০২৩-২৪ চনত ভাৰতীয় নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা অৱদানৰ প্ৰতিবেদনৰ পৰা দ্য ৰিপ’ৰ্টাৰছ কালেকটিভে বিজেপিয়ে ঘোষণা কৰা দাতাসকলৰ সবিশেষ উলিয়াই আনে। এই দাতাসকল উত্তৰ-পূব অঞ্চলৰ চাৰিখন ৰাজ্য --অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু মণিপুৰৰ বুলি ঘোষণা কৰা হৈছিল –য’ত বিজেপি ক্ষমতাধিষ্ঠিত হৈ আছিল বা আছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা মণিপুৰৰাষ্ট্ৰপতিৰ শাসনত আছে।
দাতাসকলৰ নাম আৰু পেন কাৰ্ড ব্যৱহাৰ কৰি দাতা কোম্পানী আৰু ব্যক্তিৰ বিষয়ে অন্যান্য তথ্য বিচাৰি উলিওৱা হৈছিল। এইবোৰৰ ভিতৰত মালিকীস্বত্ব, কোম্পানীসমূহৰ সৈতে সংযোগ (ব্যক্তিগত দাতাৰ ক্ষেত্ৰত) আৰু চৰকাৰে লাভ কৰা নিবিদা আদি। দুবছৰৰ ভিতৰত চাৰিখন ৰাজ্যৰ বাবে দাতাৰ বিষয়ে তথ্য থকা মুঠ ১২৮৮টা লেখা বিশ্লেষণ কৰা হয়।

আৰোপিত নিয়ম-নীতি অনুসৰি প্ৰয়োজনীয়তা থকাৰ পিছতো অৱদানৰ প্ৰতিবেদনত বহু দাতাৰ বিৰুদ্ধে সম্পূৰ্ণ ঠিকনা প্ৰদান কৰা হোৱা নাছিল, যাৰ বাবে শ শ দাতাৰ সন্ধান আৰু চিনাক্ত কৰাটো প্ৰত্যাহ্বানজনক হৈ পৰিছিল। তেওঁলোকৰ অৱদান আমাৰ বিশ্লেষণত অন্তৰ্ভুক্ত হোৱা নাই।
উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ পৰা বিশেষকৈ অসমৰ পৰা সাধাৰণতে বিজেপিয়ে বিজেপিয়ে লাভ কৰি অহাপুঁজিৰ স্বৰূপ সন্দৰ্ভত আমি অসমৰ গৱেষক তথা সমাজকৰ্মী বনজিৎ হুছেইনৰ সৈতে কথা পাতিছিলোঁ। এই সন্দৰ্ভত তেঁও কয়—” মন কৰিব, অসমত ব্যৱসায়ী আৰু ব্যৱসায়ী সম্প্ৰদায়েহে বিজেপিক দান দিছে। এইব্যৱসায়ী সম্প্ৰদায়ে অৰ্থনীতি নিয়ন্ত্ৰণ কৰে। তেওঁলোকে কংগ্ৰেছকো দান দিছিল, ক্ষমতাত থকাৰ সময়ত।কিন্তু সেই সময়ত বৰঙণিৰ পৰিমাণো কম আছিল আৰু দানৰ ব্যৱস্থাটোও সুচতুৰভাৱে কৰা হৈছিল।”
ব্যৱসায়ী সম্প্ৰদায় বুলি কওঁতে তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰৰ পৰা অসমলৈ প্ৰব্ৰজন কৰা আৰু অঞ্চলটোৰবহু অঞ্চলটোৰ বহু প্ৰান্তৰৰ বজাৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰা সম্প্ৰদায়সমূহৰ কথা বুজাইছিল। বহু ৰাজ্যত তেওঁলোকেআঞ্চলিক অভিজাত শ্ৰেণীৰ সৈতেও অংশীদাৰিত্বৰে কাম কৰে। মূলধনৰ বিনিময়ত এই শ্ৰেণীৰ দাতাসকলে সামাজিক অনুমোদন লাভ আদায় কৰাৰ চেষ্টা কৰে।

ৰাজহুৱাভাৱে সন্ধালনি হোৱা বৰঙণি খিনি হুছেইনৰ মতে অৱশ্যে ৰাজ্যখনত চলি থকা এনে দীঘলীয়া কাহিনীৰ এটা অংশহে মাথোঁ। ‘অসমত সকলো কামৰ বাবে ছিণ্ডিকেট আছে।ব্ৰইলাৰ কুকুৰাৰ ব্যৱসায়ৰ পৰাআৰম্ভ কৰি খনিজ পদাৰ্থলৈকে।ৰাজনীতি (বহুলাংশে) ছিণ্ডিকেটৰ ধনেৰে পৰিচালিত হয়,” হুছেইনৰ মন্তব্য।
চৰকাৰী অনুদানবোৰে নিজৰ মাজতে এটা কাহিনী কয়। আমাৰ তদন্ত কেৱল ওপৰত উল্লেখ কৰি অহা ‘আনুষ্ঠানিক’ অনুদানৰ মাজতে সীমাৱদ্ধ থকাৰ হেতু হুছেইনে কৰা অভিযোগমূলক দাবীসমূহ সম্পৰ্কে সূক্ষ্ম গৱেষণা অৱশ্যে কৰা হোৱা নাই।
এই গাজিয়াবাদৰ এটা ট্ৰাষ্টে কিদৰে দুখন বিছনাযুক্ত কোঠাৰ ফ্লেট ধবংস কৰি কিদৰে ত্ৰিপুৰাৰ বিজেপিচৰকাৰক ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে আইন প্ৰণয়ন কৰিবলৈ বাধ্য কৰোৱাইছিল সেই বিষয়ে আমি এইলানি প্ৰতিবেদনৰ প্ৰথম খণ্ডত প্ৰকাশ কৰিছিলোঁ। বিনিময়ত ট্ৰাষ্টটোৰ লগতে ইয়াৰপৃষ্ঠপোষকসকলে বিজেপিক ৫০ লাখ টকাৰ অনুদান আগবঢ়াইছিল।
আমাৰ প্ৰতিবেদনৰ পৰবৰ্তী অধ্যায়টোত আমি উত্তৰ-পূবৰ ৰাজ্যৰ ব্যৱসায়ীসকলে বিজেপিলৈ দান দিয়াৰআন কিছুমান লক্ষণীয় ক্ষেত্ৰৰ ওপৰত গভীৰভাৱে মনোনিৱেশ কৰিছিলোঁ। ক্ষমতাত থকা দলটোলৈ বৰঙণি আগবঢ়োৱাৰ বিনিময়ত তেঁওলোকৰ ব্যৱসায়ৰ পথ সুগম হৈ পৰাৰ কথাটো তেঁওলোকে স্বীকাৰ কৰে নে বুলি সুধি আমি প্ৰতিবেদনত নাম উল্লেখ কৰা সংশ্লিষ্ট প্ৰত্যেকলৈ প্ৰশ্ন প্ৰেৰণ কৰিছিলো। দুজনৰ বাহিৰে কোনোৱেই উত্তৰ নিদিলে।
বিতৰ্ক যাৰ বাবে সুখকৰ
অসমৰ বাহিৰৰ ধনুকা গোটৰ সৈতে জড়িত কোম্পানী আৰু ব্যক্তিয়ে বিজেপিক ২০২৩-২৪ চনত ৩.৩৫ কোটি টকা অনুদান আগবঢ়ায়। জানিব পৰা মতে ২০২২-২৩ চনত তেওঁলোকে ৯০ লাখ টকাৰ অনুদান আগবঢ়াইছিল।
২০২২ চনত ঝাৰখণ্ডৰ কংগ্ৰেছৰ বিধায়কক ক্ৰয় কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিত্ৰতা কৰি চৰকাৰৰ পতন ঘটাবলৈ বিজেপিয়ে কৰা প্ৰচেষ্টাক পুঁজিৰে সহায় কৰাৰ অভিযোগত ধনুকা গোটৰ উত্তৰাধিকাৰী অশোক কুমাৰ ধনুকাৰ নাম সোমাই পৰিছিল। গোচৰটোত কি হৈছিল সেই সন্দৰ্ভত অৱশ্যে কোনো ৰাজহুৱা তথ্য পোৱা হোৱা নাই।
ধনুকা ড০ হিমন্ত বিশ্ব শৰ্মাৰ এগৰাকী পৰিচিত সহযোগী। ৰিয়েল এষ্টেট কোম্পানী বশিষ্ঠ ৰিয়েলটৰ্ছৰ সঞ্চালকৰ পদত এসময়ত কৰ্মৰত মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ পাছত পৰবৰ্তী সময়ত অশোক কুমাৰ ধনুকাইয়ো কাৰ্যনিৰ্বাহ কৰিছিল।
.webp)
২০২১ আৰু ২০২২ চনত ধনুকা পৰিয়ালৰ নিয়ন্ত্ৰিত ঘনশ্যাম ফাৰ্মাচিউটিকেলছ কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম)ৰ পৰা দুখন নিবিদা লাভ কৰিছিল। ‘দ্য ক্ৰছকাৰেণ্ট’ আৰু‘দ্য ৱায়াৰ’ৰ এক তদন্তত প্ৰকাশ পাইছিল যে নিয়মসমূহ উলংঘা কৰি স্বাস্থ্য সম্পৰ্কীয় যোগানৰ বাবে আনদুটা গ্ৰুপ কোম্পানীয়ে নিবিদা লাভ কৰিছে। ঘনশ্যাম ধনুকাৰ লগতে এই ক্ষেত্ৰত জড়িত এটা কোম্পানীলৈ আমাৰ ফালৰ পৰা প্ৰশ্ন ইমেইল কৰা হৈছিল। দুয়োৰে পৰা আমি কোনো উত্তৰ পোৱা নগ’ল।
.webp)
মেঘালয়-উত্তৰ প্ৰদেশ দাতা কৰিড’ৰ
২০২৩-২৪ চনত বদ্ৰী ৰায় এণ্ড কোম্পানী নামৰ এটা নিৰ্মাণকাৰী সংস্থাই বিজেপিক ১ কোটি টকাৰ অনুদান আগবঢ়ায়।
২০২২ চনত শ্বিলঙৰ নিৰ্মীয়মান মেঘালয় বিধানসভা ভৱনৰ গম্বুজ ভঙাৰ ফলত জনসাধাৰণৰ ক্ষোভ উদ্গীৰণ হোৱাৰ লগতে ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হোৱাৰ লগে লগে কোম্পানীটো বিতৰ্কৰ আওতাত সোমাই পৰে। ইফালে মেঘালয়ত সেই সময়ত শাসকীয় মিত্ৰজোঁটৰ নেতৃত্বত নেশ্যনেল পিপলছ পাৰ্টি।
উত্তৰ প্ৰদেশ চৰকাৰৰ ৰাজকীয় নিৰ্মাণ নিগম লিমিটেডে বিধানসভা ভৱনৰ নিবিদাত বদ্ৰী ৰায় এণ্ড কোম্পানীক চেৰ পেলাই কামৰ দায়িত্ব লাভ কৰে। কিন্তু ইউ পি চৰকাৰৰ মালিকানাধীন পি এছ ইউয়ে নিবিদা লাভ নকৰা স্বত্বেও বদ্ৰী ৰায় এণ্ড কোম্পানীক কামটোৰ উপ-ঠিকাদাৰীৰ দায়িত্ব অৰ্পণ কৰে।
.webp)
বদ্ৰী ৰায় এণ্ড কোম্পানীয়ে অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত আন কেবাটাও আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্প হাতত লৈছে। ইয়াৰ ভিতৰত ৰাস্তা-ঘাট, ক্ৰীড়া খেলপথাৰ আৰু চৰকাৰী অট্টালিকা নির্মাণকাৰ্য আদি অন্যতম ৷ হাইলাকান্দি জিলাৰ বিৰচিমাত নতুন অসম আৰক্ষী বেটেলিয়নৰ ১৪০ কোটি টকাৰ চুক্তিকে ধৰিঅসমতো অতি কমেও ১৫টা প্ৰকল্পৰ বাবে চুক্তি লাভ কৰিছে।
কোম্পানীটোৱে আমাৰ প্ৰশ্নসমূহৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নজনালে।

অৰুণাচল প্ৰদেশৰ মিত্ৰতা
অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ ব্যৱসায়ী চেমছন বৰাঙে ২০২৩-২৪ চনত বিজেপিলৈ ৪.৩ কোটি টকাৰ অনুদান আগবঢ়ায়।
বৰাং ৰাজ্যখনৰ ৰাজহুৱা কাম বিভাগত পঞ্জীয়নভুক্ত ঠিকাভিত্তিক প্ৰতিষ্ঠান ছেডি এলাইড এজেন্সীৰ স্বত্বাধিকাৰী । ৰাজ্যখনৰ গড়কাপ্তানি বিভাগ আৰু নেশ্যনেল হাইড্ৰ’ইলেক্ট্ৰিক পাৱাৰ কৰ্প’ৰেশ্যন লিমিটেডে চেডি এলাইড এজেন্সীক তিনিটা ঠিকা প্ৰদান কৰিছে।
২০২২ চনৰ সময়ছোৱাত অধিবক্তা তথা সমাজ কৰ্মী তাকাৰ গইয়ে অৰুণাচল প্ৰদেশ চৰকাৰে স্বাক্ষৰ কৰা চুক্তিৰ নথি আৰু সবিশেষ ৰাজ্যৰ পৰা বিচাৰিছিল। এই গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত অৱতৰণ কৰোৱা হয়। গোচৰৰ শুনানী গ্ৰহণ কৰা ন্যায়াধীশে লক্ষ্য কৰে যে এই চুক্তিসমূহ দুৰ্নীতিগ্ৰস্তভাৱে প্ৰদান কৰা বুলি আশংকা কৰি গইয়ে এই তথ্য বিচাৰিছিল। বৰাঙৰ প্ৰতিষ্ঠানেই এই গোচৰৰ অন্যতম উত্তৰদাতা হোৱাৰ পৰিপ্ৰক্ষিতত অনুমান কৰিব পাৰি যে গইয়ে আন কিছুমানৰ উপৰি চেডি এলাইড এজেন্সীয়ে লাভ কৰা চুক্তিসমূহৰো তথ্য দাবী কৰিছিল। গোচৰটো কেনেকৈ সমাধান হ’ল সেয়া আমি প্ৰতিষ্ঠা কৰিব নোৱাৰিলো।
বৰাঙৰ সৈতে যোগাযোগ কৰি তেওঁ বিজেপিক দান দিয়া সন্দৰ্ভত আমি জানিবলৈ বিচাৰিছিলোঁ। লগতে তেওঁৰ মালিকীস্বত্বই লাভ কৰা চুক্তিৰ সৈতে বিজেপি দললৈ আগবঢ়োৱা বৰঙণি মাজত কোনো ধৰণৰ সম্পৰ্ক আছে নেকি সেয়াও জানিবলৈ বিচৰাত তেঁও কোনো মন্তব্য দিব নিবিচাৰিলে।
তেওঁ অৱশ্যে দাবী কৰে যে তেওঁৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ "ব্যক্তিগতভাৱেহে উত্থাপিত, ৰাজহুৱা স্বাৰ্থত নহয়।"
ষ্টাৰ চিমেণ্টৰ কাহিনীটো
মেঘালয়ত মুখ্য কাৰ্যালয় থকা চিমেণ্ট কোম্পানী ষ্টাৰ চিমেণ্টে ২০২৩-২০২৪ চনত বিজেপিক ৫ কোটি টকাৰ অনুদান আগবঢ়ায়। ইয়াৰ পূৰ্বে তিনি বছৰৰ ভিতৰত দলটোক মুঠ ৬.৬৮ কোটি টকা অনুদানআগবঢ়াইছিল।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা এডভান্টেজ আছাম ২.০ ব্যৱসায়িক সন্মিলনৰ সময়ত অসমৰাজ্য চৰকাৰ আৰু ষ্টাৰ চিমেণ্টে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। যি চুক্তিয়ে ৩২০০ কোটি টকাৰ চিমেণ্ট ক্লিংকাৰ প্ৰকল্পৰ সম্ভাৱনা বহন কৰিছে।

২০১৯ চনৰ পৰা ষ্টাৰ চিমেণ্টে অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, আৰু ত্ৰিপুৰাত অৱস্থিত প্ৰকল্পৰ বাবে সীমান্ত পথ সংস্থা, ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড, নেশ্যনেল হাইড্ৰ’ইলেক্ট্ৰিক পাৱাৰ কৰ্প’ৰেশ্যন লিমিটেড আৰু ৰাজ্য চৰকাৰৰ বিভাগৰ পৰা কমেও ১৮ খন নিবিদা লাভ কৰিছে।
২০২৩-২৪ বিত্তীয় বৰ্ষৰ কোম্পানীটোৰ বাৰ্ষিক প্ৰতিবেদন পৰ্যালোচনাৰ দ্বাৰা জানিব পৰা গৈছে যে তেঁওলোকে একেটা বৰ্ষতে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছক ১ কোটি টকা আৰু বেলতলা ব্লক কংগ্ৰেছ কমিটীক ১ লাখ টকা দান কৰিছিল।
ৰিপ’ৰ্টাৰ্ছ কালেকটিভে কোম্পানীটোৰ এই অনুদানৰ লগত কোনো ঠিকাৰ সম্পৰ্ক আছে নেকি জানিবলৈ বিচাৰে।
ইয়াৰ উত্তৰত কোম্পানীটোৱে কয়,“ আমাৰ কোম্পানীয়ে ৰাজনৈতিক দলসমূহলৈ আগবঢ়োৱা সকলো বৰঙণি কঠোৰভাৱে বিধিগত বিধান অনুসৰি, প্ৰয়োজনীয় অনুমোদন লাভ কৰাৰ পিছতহে প্ৰদান কৰা হয়। এই বৰঙণি সমূহ আমাৰ বাৰ্ষিক প্ৰতিবেদনত সম্পূৰ্ণৰূপে প্ৰকাশ কৰা হৈছে, এইবোৰ ৰাজহুৱাভাৱে পৰিদৰ্শন কৰিব বিচাৰিলে সহজেই পোৱা যাব। আমাৰ কোম্পানীয়ে ৰাজনৈতিক দলসমূহৰ মাজত বৈষম্য নকৰে আৰু বৃহৎ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহলৈ অৱদান আগবঢ়াই অহাৰ কথাও আমাৰ প্ৰকাশিত তথ্যত স্পষ্টভাৱে উল্লেখ কৰি অহা হৈছে।”
কোম্পানীটোৱে ভাবুকিপূৰ্ণ সুৰ এটাৰে লগতে কয়, “পোনপ্ৰথমে আমাৰ সৈতে কথাখিনি লিখিতভাৱে পৰীক্ষা নকৰাকৈ আৰু আমাৰ পূৰ্বৰ লিখিত সন্মতি লাভ নকৰাকৈ আমাৰ কোম্পানী সম্পৰ্কীয় কোনো তথ্যপ্ৰকাশ, প্ৰচাৰ বা প্ৰচাৰৰ পৰা বিৰত থাকক। অনুগ্ৰহ কৰি মনত ৰাখিব" কোনো কাৰণত এই কথাৰ অমান্য নহ’লে আপোনাৰ লগতে আন সকলো দায়বদ্ধ পক্ষৰ বিৰুদ্ধে দেৱানী আৰু অপৰাধমূলক উভয় ধৰণৰউপযুক্ত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাহিৰে আমাৰ হাতত কোনো বিকল্প নাথাকিব।”
সঁচা কথা। ষ্টাৰ চিমেণ্ট আৰু অন্যান্য কোম্পানীসমূহে বিজেপিলৈ আগবঢ়োৱা অনুদান আইনগতভাৱে অনুমোদিত। ক্ষমতাত থকা ৰাজনৈতিক দলসমূহলৈ কৰ্পৰেট অনুদানত পাৰস্পৰিক সুযোগ সুবিধা বিনিময়ৰ বিষয়ে প্ৰশ্নৰ অৱকাশ আহি পৰিলে ভাৰতৰ দুৰ্নীতি বিৰোধী আইনসমূহে মৌনতা অবলম্বন দেখা যায়।







